চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ পৰিছে সংকটত। ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ বৃহৎ অংশ দখল কৰাৰ পাছত এতিয়া আৰকান সেনাৰ দৃষ্টি বাংলাদেশত। এই লক্ষ্য আগত ৰাখি অতি কৌশলেৰে আগবাঢ়িছে আৰকান সেনা। ১৯৭১ চনৰ ১৬ ডিচেম্বৰৰ দিনটোতেই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ জয় কৰিছিল আৰু এই দিনটোত পাকিস্তানৰ প্ৰায় ৯৩ হাজাৰ সেনাই ঢাকাত আত্মসমৰ্পন কৰিছিল। এই যুদ্ধৰ পৰিণতিত বাংলাদেশ স্বাধীন ৰাষ্ট্ৰ হৈছিল। কিন্তু স্বাধীনতাৰ প্ৰায় ৫৪ বছৰ পাছতো চুবুৰীয়া দেশ বাংলাদেশে সাৰ্বভৌমত্ব আৰু নিৰাপত্তাক লৈ ডাঙৰ সংকটৰ সন্মুখীন হৈ আছে।বাংলাদেশ-ম্যানমাৰৰ সীমান্তত বৃদ্ধি পাইছে উত্তেজনা। জানিব পৰা মতে, ম্যানমাৰৰ উগ্ৰবাদী আৰাকান আৰ্মীয়ে বাংলাদেশৰ টেকনাফ অঞ্চলৰ কিছু অংশ দখল কৰিছে। এই অঞ্চলটো বাংলাদেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই বাংলাদেশৰ পৰিস্থিতি ভয়াবহ হৈ পৰিছে। বাংলাদেশৰ সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ ওপৰত বৃদ্ধি পাইছে অত্যাচাৰ। এনেবোৰ কাৰণতে ভাৰত- বাংলাদেশৰ সম্পৰ্কৰ কিছু অৱনতি ঘটিছে। বিশেষজ্ঞসকলৰ মতে, ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কৰ সমস্যাই চুবুৰীয়া ৰাষ্ট্ৰখনৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ ওপৰতো প্ৰভাৱ পেলাইছে।