চীন-নেপালৰ চুক্তিঃ ঘোষণা কৰা হ’ব মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা

60

ডিজিটেল ডেস্কঃ নেপাল আৰু চীনে যুটীয়াভাৱে মাউণ্ট এভাৰেষ্টৰ উচ্চতা নতুনকৈ ঘোষণা কৰিব। মাউণ্ট এভাৰেষ্টৰ উচ্চতা পৰিমাপন সন্দৰ্ভত ২০১৯ চনৰ ১৩ অক্টোবৰত নেপাল আৰু চীনৰ মাজত হোৱা চুক্তি অনুসৰিয়েই অতি শীঘ্ৰে দুয়োখন ৰাষ্ট্ৰই যুটীয়াভাৱে মাউণ্ট এভাৰেষ্টৰ উচ্চতা নতুনকৈ ঘোষণা কৰিব।

উল্লেখ্য যে, নেপাল-চীনৰ মাজত স্বাক্ষৰিত চুক্তিৰ অনুচ্ছেদ-১ অনুসৰি দুয়োখন ৰাষ্ট্ৰই মিলি মাউণ্ট ঝুমুলাংগমা বা মাউণ্ট সাগৰমাথাৰ উচ্চতা ঘোষণা কৰিব। দুয়োখন ৰাষ্ট্ৰই সুবিধানুযায়ী ইয়াৰ বাবে সময় আৰু তাৰিখ নিৰ্ধাৰণ কৰিব বুলিও চুক্তিত উল্লেখ আছে। দৰাচলতে এই চুক্তিত মাউণ্ট এভাৰেষ্টৰ স্পষ্ট উল্লেখ নাই যদিও মাউণ্ট এভাৰেষ্টক চীনত মাউণ্ট ঝুমুলাংগমা আৰু নেপালত মাউণ্ট সাগৰমাথা বুলি নামাংকিত কৰা হয়। ইয়াৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰই মাউণ্ট এভাৰেষ্টক নিজৰ বুলি দাবী কৰিব খোজে।

মাউণ্ট এভাৰেষ্টৰ বৰ্তমান উচ্চতা ৮৪৪৮ মিটাৰ বুলি ধৰা হয়। এই পৰ্বত শৃংগৰ উচ্চতা পৰিমাপনৰ বাবে যোৱা বৰ্ষত নেপাল আৰু চীনে পৃথকে পৃথকে দুটা বিশেষজ্ঞ অভিযানকাৰীৰ দল পৰ্বত শৃংগলৈ প্ৰেৰণ কৰিছিল। সেই সময়তে চীনৰ এজন সাংবাদিকে টুইট কৰি মাউণ্ট এভাৰেষ্ট চীনৰ গৌৰৱ বুলি উল্লেখ কৰাত বিষয়টোক লৈ বিতৰ্কৰ সূত্ৰপাত হয়।