ষ্টাফৰিপৰ্টাৰ, ভাৰতৰ কমিউনিষ্ট পাৰ্টি, অসম ৰাজ্য পৰিষদে বুধবাৰে ৰাজগড়স্থিত কাৰ্যালয়ৰ সামাজিক দূৰত্ব ৰক্ষা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে কৃষকৰ মাটি কাটি লোৱা অধ্যাদেশ বাতিল কৰক, অসমৰ ঔদ্যোগিক অধিসূচনা থলুৱাৰ মূৰত ৰাম টাঙোন মৰা বন্ধ কৰক, কা গ্ৰহণেৰে জাতি ধ্বংস কৰি এইবাৰ পুঁজিপতিক মাটি গতোৱাৰ স্বাৰ্থত চৰকাৰৰ ভূমি অধ্যাদেশ এক চৰম প্ৰতাৰণা আদি বিভিন্ন শ্লো-গান থকা প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
