ষ্টাফৰিপৰ্টাৰ, ২২ জুন : ২২ জুনৰ ৰাজ্যজোৰা আন্দোলনৰ অংশ হিচাপে গুৱাহাটীৰ টি চি স্কুলৰ সমুখত দিনৰ ১১,৩০ বজাত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। চি পি আই ( এম) ৰ উদ্যোগত অনুষ্ঠিত এই আন্দোলনৰ মূল দাবী সমূহ হ’ল -চৰকাৰক আয় কৰ দিব নলগা প্ৰতিটো পৰিয়ালক কমপক্ষে তিনি মাহলৈকে প্ৰতি মাহে ৭৫০০ টকাকৈ সাহায্য দিয়া, আয়কৰৰ আওতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক জনমূৰি মাহিলি ১০ কিলোকৈ চাউল, আটা,চেনি, নিমখ, দাইল, মিঠাতেল আদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ৬ মাহলৈকে বিনামূলীয়াকৈ যোগান ধৰা, শ্ৰম আইন সংস্কাৰৰ নামত শ্ৰমিকৰ কামৰ সময় ১২ ঘন্টালৈকে বৃদ্ধি কৰা অসম চৰকাৰৰ শ্ৰমিক বিৰোধী সিদ্ধান্ত বাতিল কৰা । চৰকাৰী-বেচৰকাৰী সকলো শ্ৰমিক, কৰ্মচাৰীৰ দা-দৰমহা নিয়মিতভাৱে আদায় দিয়া, পি এম কিষান আঁচনি ৰূপায়ণত হোৱা দুৰ্নীতি, অনিয়ম বন্ধ কৰা, পঞ্চায়ত ভিত্তিত হিতাধিকাৰীসকলৰ নামৰ তালিকাৰ পৰা অযোগ্যসকলৰ নাম বাদ দি যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত কৰি নতুন তালিকা প্ৰস্তুত কৰা। লক ডাউনৰ বিধি ব্যৱস্থা মানি কৰিবলগীয়া এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।
