চিৰাঙত আত্মসমৰ্পণ ডকাইতি কাণ্ডৰ সৈতে জড়িত ৩ যুৱকৰ।
আমগুৰি আৰক্ষী থানাত শনিবাৰে আত্মসমৰ্পণ কৰে যুৱক তিনিজনে।
যমুনাগুৰি ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল যুৱক তিনিজন।
আত্মসমৰ্পণকাৰী যুৱক তিনিজনক ক্ৰমে মদন দৈমাৰী, দেৱানন্দ নাৰ্জাৰী আৰু বিছু মুছাহাৰী বুলি জানিব পৰা গৈছে।
২৯ মাৰ্চত ২ নং যমুনাগুৰিত সংঘটিত হৈছিল এক ডকাইতিৰ ঘটনা।
যুৱক তিনিজন উক্ত ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল বুলি কোৱা হৈছে।
যুৱক তিনিজন প্ৰাক্তন এনডিএফবি সদস্য বুলি জানিব পৰা গৈছে।
তেওঁলোকে সংগঠন এৰাৰ পিছতে ধনদাবী, ডকাইতি ইত্যাদি ঘটনাৰ লগত জড়িত হৈ পৰিছিল।
ইতিমধ্যে এই ডকাইতি কাণ্ডৰ লগত জড়িত দুজনৰ অলপতে আৰক্ষীৰ গুলিত মৃত্যু হৈছে।