চিৰাঙৰ ভাৰত-ভূটান সীমান্তৱৰ্তী আমটেকাত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত SSB জোৱানৰ হাতৰ আঙুলি কামুৰি ছিঙি পলায়নৰ চেষ্টা চলায় চোৰাং চিকাৰীয়ে। এই ঘটনাত আহত জোৱানজনক বঙাইগাঁৱৰ এখন হাস্পতালত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে।
জানিব পৰা মতে, গোপন খবৰৰ ভিত্তিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যোনৰ বন বিভাগৰ দল আৰু SSBৰ দলে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ আমটেকাত চোৰাং হাতী দাঁতৰ বিৰুদ্ধে অভিযান চলাইছিল। কৰি সময়ত ছদ্ম বেশত যোৱা অভিযানকাৰী দলটোৱে এজন চোৰাং চিকাৰীক হাতে-লোটে কৰায়ত্ব কৰিবলৈ চেষ্টা কৰোঁতেই চোৰাং চিকাৰীজনে এগৰাকী SSB জোৱানৰ দুটাকৈ আঙুলি কামুৰি ছিঙি পলায়নৰ চেষ্টা চলায়। অৱশ্যে আৰক্ষীৰ তৎপৰাতত চোৰাং চিকাৰীজনক আটক কৰিবলৈ সক্ষম হয়।
আমটেকাৰ শিমলুগুৰীৰ কিৰণ বৰগয়াৰী নামৰ ধৃত চোৰাং চিকাৰীজনৰ পৰা অভিযানকাৰী দলটোৱে দুটা হাতীৰ দাঁত আৰু অন্যান্য অপত্তিজনক নথি জব্দ কৰিবলৈ সক্ষম হয়।
