চিৰাগ পাছৱানৰ আশাত চেঁচাপানীঃ লোকসভাৰ অধ্যক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ ন্যায়ালয়ৰ

76

লোকসভাৰ অধ্যক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধে এলজেপি নেতা চিৰাগ পাছৱানে ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। আজি চিৰাগ পাছৱানৰ আবেদন খাৰিজ কৰি ন্যায়ালয়ে কয় যে এই আবেদনত কোনো আধাৰ নাই। যিহেতু এই বিষয়টো লোকসভাৰ অধ্যক্ষৰ ওচৰত লম্বিত হৈ আছে, গতিকে নতুনকৈ ইয়াৰ ওপৰত শুনানি গ্ৰহণ কৰাৰ কোনো প্ৰয়োজন নাই।

উল্লেখ্য যে, চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টীৰ মাজত এতিয়া দেখা দিছে তীব্ৰ অন্তঃকন্দল। প্ৰণিধানযোগ্য যে, লোকসভাত এলজেপিৰ মুঠ সাংসদৰ সংখ্যা হৈছে ৬ জন। ইফালে চিৰাগ পাছৱানৰ খুড়াক পশুপতি কুমাৰ পাৰশে চিৰাগ বিৰোধী এলজেপি সাংসদ সকলৰ সমৰ্থন আদায় কৰি লোকসভাত দলৰ নেতা হিচাপে ঠাই দখল কৰে। যাৰ পৰিপ্ৰেক্ষিতত খুড়াকৰ ওপৰত ক্ষুণ্ণ হৈ পৰে চিৰাগ পাছৱান।

আনফালে লোকসভাৰ অধ্যক্ষয়ো পশুপতি কুমাৰ পাৰশকে লোকসভাত এলজেপি নেতা হিচাপে মান্যতা প্ৰদান কৰাত অধ্যক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয় চিৰাগ পাছৱান। কিন্তু আজি আদালতে পাছৱানৰ আশাত চেঁচাপানী ঢালি আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।