চিলাপথাৰৰ মধ্য চিচিটঙানীৰ চ বাৰীত ভয়ংকৰ অঘটন ।জোনাই বিধান সভা সমষ্টিৰ মধ্য চিচিটঙানী পঞ্চায়তৰ চ বাৰীত এখন জৰাজীৰ্ণ বাহৰ দলং ভাঙি গুৰুতৰভাবে আহত হৈছে কেইবাগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী। দুৰ্ঘটনাটোত প্ৰায় ২০ গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয় যদিও গুৰুতৰভাৱে আহত ৪ গৰাকী ছাত্ৰ-ছাত্ৰীক তাৎক্ষণিক ভাবে চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ জানিব পৰা মতে অঞ্চলটোৰ মাজেৰে বৈ যোৱা টঙানি নৈৰ ওপৰত এখন উপযুক্ত পকী দলঙ নথকাৰ বাবে ৰাইজে নিজৰ গাঁথিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত চলাই আহিছে । সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰা দলংখনেৰে আজি পুৱাই বিদ্যালয়লৈ অহা কণ কণ ছাত্ৰ-ছাত্ৰী সকল পাৰ হোৱাৰ সময়তে হঠাৎ জৰাজীৰ্ণ দলংখন ভাঙি পৰাত কেইবাগৰাকী স্কুলীয়া ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত হয় । তাৰে গুৰুত্ব ভাবে ৪ গৰাকী ছাত্ৰ ছাত্ৰীক চিলাপথাৰ আদৰ্শ চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে। ১৯৫০ চনৰ পৰাই গাওঁ খনত এখন পকী দলং নথকাৰ ফলত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে ৰাইজে । চৰকাৰ, প্ৰশাসন, জনপ্ৰতিনিধিৰ চূড়ান্ত অৰ্কমণ্যতাৰ ফলত আজি এই ভয়ংকৰ অঘটন সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ তুলিছে। দ্বিতীয়বাৰ যাতে তেনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰে বাবে চৰকাৰক এই স্থানত এখন পকী দলঙ নিৰ্মাণৰ বাবে ৰাইজে দাবী জনাইছে ।
