চাৰুকলা অসম শাখাৰ উদ্যোগত বিশেষ সম্বৰ্ধনা ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটাপ্ৰাপক ৫অসমীয়াক

184

এই পৃথিৱীত অামি এবাৰহে জনম লাভ কৰোঁ।গতিকে সমাজৰ যোগ্য ব্যক্তিজনক জীয়াই থাকোতে প্ৰাপ্য সন্মান দিব লাগে। মানুহজন মৰাৰ পিছত গুণানুকীৰ্তন অথবা মৰণোত্তৰভাৱে সন্মান দি একো অৰ্থ নাই।অাজি বিশিষ্ট লেখক সীতাৰাম দলে, তুলসীৰাম পাংগিং, অভিনেতা ৰাজীৱ দলৈ, বিজু বৰি অাৰু শিল্পী ধৰণী টাওৰ দৰে বিশিষ্ট লোকক চাৰু কলা আৰু আয়ুসে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানীত কৰাটো শুভ লক্ষণ, এই মন্তব্য বহুভাষিক সাহিত্য মঞ্চৰ প্ৰধান সম্পাদক দীপক শৰ্মাৰ।দেশৰ ৭৫ সংখ্যক আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আয়ুস আৰু চাৰুকলাৰ দ্বাৰা স্বীকৃত ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা পাঁচগৰাকী অসমীয়া লেখক, অভিনেতা, সাংবাদিক কণ্ঠশিল্পীক চাৰুকলা অসম শাখা অাৰু সদৌ তিৱা ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ সহযোগত  জনোৱা হয় সম্বৰ্ধনা।

ভাৰতীয় সাহিত্য ৰত্ন বঁটা লাভ কৰা সুলেখক সীতাৰাম দলে আৰু তুলসীৰাম পাংগিং,

নেচনেল প্ৰাইড অৱ্ ইণ্ডিয়া বঁটা লাভ কৰা অভিনেতা ৰাজীৱ দলৈ, বিশিষ্ট লেখক বিজু বৰি

আৰু কণ্ঠশিল্পী ধৰণী তাওলৈ চেলেং চাদৰ, জাঁপি,গামোচা, ফুল,স্মাৰক, প্ৰশস্তি পত্ৰ ইত্যাদিৰে আগবঢ়োৱা হয় বিশেষ সম্বৰ্ধনা।

দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে সাহিত্যিক ৰাজীৱ আহমেদ।