চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিক্ৰিয়া

519

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ আগষ্টৰ পৰাই কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ চাহ শ্ৰমিকৰ দৈনিক ২৭ টকাকৈ বৃদ্ধি মজুৰি বৃদ্ধি কৰা হৈছে। লগে লগে ৰাজ‍্যত এই নতুন নিৰিখ লৈ এই উদ‍্যোগৰ লগত জড়িত ভিন্ন মহলত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া।

উল্লেখ‍্য যে, শেহতীয়াকৈ অসম চৰকাৰে চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবী প্ৰতি সঁহাৰি জনায় পূৰ্বৰ দৈনিক ২০৫ টকাৰ পৰা ২৭ টকা বৃদ্ধি কৰি ২৩২ টকালৈ মজুৰি বৃদ্ধি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ বৈঠকত চাহ শ্রমিকৰ বহুকেইটা সন্থাৰ লগতে অসম চাহ মজদুৰ সংঘ, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধি উপস্থিত আছিল।

কিন্তু কোনো ধৰণৰ সহমতত উপনীত নোহোৱাকৈয়ে চৰকাৰে ২৭ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বুলি প্ৰকাশ কৰিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কৰুণা মহন্তই। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধি উক্ত বৈঠকত উপস্থিত আছিল যদিও চৰকাৰী সিদ্ধান্তৰ বিষয়ে এই পৰ্য‍্যন্ত চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে অৱগত নহ’ল।

বৰ্তমান সময়ত কেঁচা পাতৰ মূল‍্য ধৰাবাহিকভাৱে হ্ৰাস পায় থকাৰ সময়ত ইচ্ছা কৰিলেও বৰ্দ্ধিত হাৰত চাহ শ্ৰমিকসকলক মজুৰি দিয়াটো সম্ভৱপৰ নহয়‌। যদিহে চৰকাৰে কেচা পাতৰ মূল‍্য প্ৰতি কিলোগ্ৰামত নুন‍্যতম চল্লিশ টকাকৈ নিৰ্দ্ধাৰণ কৰে, তেতিয়া চৰকাৰী নিৰিখত মজুৰি দিয়াত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে নিশ্চয়কৈ আপত্তি নকৰিব।

কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বেছিভাগৰে পাত তোলা স্থায়ী শ্ৰমিক নাই,সেয়েহে এনে পৰিপ্ৰেক্ষিতত চৰকাৰে বান্ধি দিয়া নিৰিখত মজুৰি দিয়াৰ যুক্তি-যুক্ততা কিমান সেই লৈ নিশ্চিত ৰূপে প্ৰশ্ন উত্থাপিত হ’ব। তৎস্বত্বেও যদিহে নতুন নিৰিখত চৰকাৰে চাহ শ্ৰমিকক মজুৰি দিয়াটো বিচাৰে,তেনেহ’লে কেঁচা পাতৰ লগতে প্ৰস্তুত চাহৰো আন উৎপাদিত সামগ্ৰীৰ দৰে নুন‍্যতম সমৰ্থন মূল‍্য নিৰ্দ্ধাৰণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক কৰুণা মহন্তই।