এতিয়াৰে পৰা চাহ বাগিচাৰ বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনত ছাত্ৰ-ছাত্ৰীক খাবলৈ দিয়া হ’ব সপ্তাহত তিনিটাকৈ কণী। প্ৰধামন্ত্ৰীৰ পোষণ আঁচনিৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।
শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে জনোৱা মতে, ৰাজ্য চৰকাৰে ১৮ ছেপ্টেম্বৰৰ পৰা (সোমবাৰ) কাৰ্যকৰী হোৱাকৈ ২,৪৯,০৪২ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি চাহ বাগিচা এলেকাৰ ২,৪২৯খন বিদ্যালয়ত পি এম পোষণৰ অধীনত সপ্তাহত তিনিটাকৈ কণী (সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰ) প্ৰদান আৰম্ভ কৰিছে।
ইয়াৰ পূৰ্বে পেগুৱে কামৰূপ-মেট্ৰ’ জিলাৰ আমচং চাহ বাগিচা আৰ্হি বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে বহু মধ্যাহ্ন ভোজন কৰে।
