চামগুৰিত শোকাকুল পৰিবেশ! একে লগে শেষকৃত্য সম্পন্ন একেটা পৰিয়ালৰ তিনিজনৰ

147

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত বিষয়াচুকত ৰবিবাৰে ৰে’লৰ ইঞ্জিনৰ খুন্দাত নিহত একেটা পৰিয়ালৰ তিনি সদস্যৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছতে সোমবাৰে শোকত ভাগি পৰে পৰিয়ালৰ লগতে সমগ্ৰ চামগুৰিৰ নতুন তেলীয়াগাঁৱৰ অঞ্চলবাসী।

উল্লেখ্য যে, দেওবাৰে পুৰণিগুদামৰ বিষয়াচুকত ৰে’ল আলি পাৰ হ’বলৈ লওতেই নগাঁও-শিলঘাট দ্ৰুতবেগী ৰে’লৰ ইঞ্জিনে মহতিয়াই নিছিল একেটা পৰিয়ালৰ তিনি সদস্যই যাত্ৰা কৰা AS02 N 4402 নম্বৰৰ টাটা জেষ্ট বাহনখন। ফলত দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱাইছিল চন্দ্ৰ কলিতা, তেওঁৰ পত্নী নীলিমা কলিতা আৰু একমাত্ৰ পুত্ৰ নীলাভ নয়ন কলিতাই।

সোমবাৰে মৰোণত্তৰ পৰীক্ষাৰ অন্তত তিনিওজনৰে মৃতদেহ চামগুৰিৰ নতুন তেলীয়াগাঁৱৰ স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। অসংখ্য লোকে স্বগৃহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পিতৃ-মাতৃ আৰু পুত্ৰক। ইয়াৰ পিছতে একেলগে শেষকৃত্য সম্পন্ন কৰা হয় পৰিয়ালটোৰ তিনি সদস্যৰ।

উল্লেখ্য যে নীলিমা কলিতা তেলীয়াগাঁৱৰে মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়ত্ৰী হোৱাৰ বিপৰীতে নীলাভ নয়ন চলিত বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ইফালে এই শোকাবহ দুৰ্ঘটনাৰ বাবে ৰে’ল বিভাগৰ ওপৰত ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে। দুৰ্ঘটনা সংঘটিত স্থানত ৰে’ল গে’ট নিৰ্মাণৰ বাবে ৰাইজে বহুদিন ধৰি দাবী জনাই আহিছিল যদিও ৰে’ল কৰ্তৃপক্ষই ৰেলৱে ক্ৰচিঙটোত গাঁত খান্দি আহ-যাহ বন্ধহে কৰি দিছিল। কিন্তু লাহে লাহে পুনৰ সেই গাঁত সমান হৈ পৰাত উক্ত পথেৰে পুনৰ যান-বাহন চলাচল আৰম্ভ হয়।

যাৰ ফলত ৰবিবাৰৰ এই দুৰ্ঘটনা সংঘটিত হৈ একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যই প্ৰাণ হেৰুৱাবলগীয়া হ’ল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।