নগাঁৱৰ চামগুৰিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহনৰ খুন্দাত প্ৰাণ গ’ল এজন পথচাৰীৰ।
দেওবাৰে চামগুৰি হাইস্কুলৰ সন্মুখত এজন পথচাৰীক মহতিয়াই লৈ যায় অতুল বৰাৰ কনভয়ৰ বাহনে।
দুৰ্ঘটনাটোৰ ফলত মানস প্ৰতীম দাস নামৰ এজন পথচাৰীৰ মৃত্যু।
ইফালে দুৰ্ঘটনাটোত আহত হৈছে কনভয়ৰ বাহনখনৰ চালক আৰু আন কেইবাজনো।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ সহযোগত আহত সকলৰ সৈতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন লোকক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰে।
গুৰুতৰভাৱে আহত লোক জন চামাগুৰিৰ মণিকণ দাস বুলি চিনাক্ত কৰিছে।
