চাবুৱাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

378

চাবুৱাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা
চাবুৱাৰ শনিমন্দিৰৰ সন্মূখত থকা পাৰ্বতী চাহৰ দুকানত তলা ওলমাই দিলে ৰঞ্জিৎ চাহ নামৰ এজন যুৱকে।
জানিব পৰামতে পাৰ্বতী চাহ নামৰ মহিলাগৰাকীয়ে বিগত দহ বছৰৰ পৰাই শনি মন্দিৰৰ সন্মুখতে চাহৰ দোকান এখন দি জীৱন নিৰ্বাহ কৰিছিল। স্বামীৰ মৃত্যুৰ পাছত জীৱন নিৰ্বাহৰ একমাত্ৰ সম্বল আছিল চাহৰ দোকানখন। অন্য লোক নহয় দোকান হস্তগত কৰাৰ ষড়যন্ত্ৰ পৰিয়ালৰে লোকৰ আছিল বুলি জানিব পৰা গৈছে।পাৰ্বতী চাহৰ স্বামীৰ বৰদেউতাকৰ পুত্ৰ ৰঞ্জিত চাহে ৰচিছে দোকান হস্তগত কৰাৰ ষড়যন্ত্ৰ।ইতিমধ্যে পাৰ্বতীৰ চাহৰ দোকানত তলা ওলমাই দিলে ৰঞ্জিত চাহে।এতিয়া উপায়ন্তৰ হৈ দুৰ্ভগীয়া মহিলাগৰাকী দিগবিদিক হেৰুৱাই কাষ চাপিছে এতিয়া চাবুৱা আৰক্ষীৰ।জীৱিকা নিৰ্বাহৰ থল দোকানখন যাতে পুনৰ ঘূৰাই লব পাৰে এয়াই দুৰ্ভগীয়া মহিলাগৰাকীৰ আশা।এই দুৰ্ভাগ্য মহিলা গৰাকীৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় বিষয় হ’ব।