সোমবাৰে পুৱতিনিশা ৰহাৰ চাপৰমুখ ৰে’ল জংচনত নগাঁও আৰু ৰহা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
আগৰতলা-মধ্যপ্ৰদেশ হাবিবগঞ্জ ৰাণী কমলাপতি এক্সপ্ৰেছত অভিযান চলাই ১ কুইণ্টল ১২ কেজি ওজনৰ গাঞ্জাখিনি জব্দ কৰে। জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ৪ কোটি টকা হব বুলি অনুমান কৰা হৈছে।
জানিব পৰা মতে ত্ৰিপুৰাৰ পৰা কেইবাটাও মাফিয়াই ৰাণী কমলাপতি এক্সপ্ৰেছেৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি আনি আছিল। কিন্তু হোজাইত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই উক্ত ৰে’লখনৰ পৰা বহু সংখ্যক গাঞ্জা পেকেটসহ চাৰিটা গাঞ্জা মাফিয়াক আটক কৰে।
পিছত গাঞ্জা মাফিয়াকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত একেখন ৰে’লতে নগাঁও আৰু ৰহা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।
উল্লেখযোগ্য যে মাফিয়াই গাঞ্জাখিনি এটা ডবাৰ শৌচাগাৰৰ ভিতৰৰ বক্সত লুকুৱাই আনিছিল। পিচত আৰক্ষীয়ে কাটাৰ মেচিন, হাতুৰী আদিৰে বক্স ভাঙি গাঞ্জাখিনি বাহিৰ কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জানিবলৈ দিছে। চাপৰমুখ জংচনত চলা অভিযানৰ নেতৃত্ব দিছিল নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই।