চাপৰত দুৰ্ঘটনাৰ পিছতে ৰাজপথত জ্বলি উঠিল বাইক আৰু ডাম্পাৰ, জীৱন্তে অগ্নিদগ্ধ হৈ দুজনৰ মৃত্যু

75

চাপৰৰ ধীৰঘাটত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে ৰাজপথত দপদপাই জ্বলি উঠিল ডাম্পাৰ আৰু বাইক।

জানিব পৰা মতে, ধীৰঘাটত দেওবাৰে নিশা এখন ডাম্পাৰে বিপৰীত দিশৰ পৰা আহি থকা এখন বাইকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

দুৰ্ঘটনাৰ পিছতে ডাম্পাৰ আৰু বাইকখনত সংঘটিত হয় অগ্নিকাণ্ড।

ইফালে এই ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লয় দুই বাইক আৰোহীয়ে। নিহত দুজনক চাপৰৰ ইমাম হুছেইন আৰু শ্বাহৰুখ শ্বেখ বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনা আৰু অগ্নিকাণ্ডক সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিবেশৰ। পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।