চান্দা নিদিয়াৰ বাবেই এঘৰীয়া কৰা হ’ল এটি পৰিয়ালক !

108

চান্দা নিদিয়াৰ বাবেই এঘৰীয়া কৰা হ’ল এটি পৰিয়ালক !

সামাজিক সংকীৰ্ণতাৰ বলি হ’ল ডিব্ৰুগড় জিলাৰ দিহিং থান গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়াল।ঘৰখনৰ মুৰব্বী ফুলেশ্বৰী দাসৰ ১২ জনীয়া পৰিয়ালটোক যোৱা ৮ মাহে ধৰি এঘৰীয়া কৰি ৰখাৰ অভিযোগ।স্বামী তথা পিতৃৰ বছৰেকীয়া শ্ৰাদ্ধৰ বাবে সকলো যোগাৰ কৰাৰ পিছতো উপস্থিত নহলহি ভকত।ফুলেশ্বৰী দাসৰ ঘৰত ধান কাটিবলৈ যোৱাৰ বাবে ১০টকাৰ জৰিমনা ভৰিব লগা হ’ল দাৱনীয়ে। ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত কলাখোৱাৰ দিহিং থান গাঁৱত সামাজিক সংকীৰ্ণতাৰ বলি হব লগীয়া হ’ল এটা পৰিয়াল। বিহুৰ চান্দা নিদিয়াৰ বাবেই সমাজে এঘৰীয়া কৰিলে পৰিয়ালটোক। ঘৰখনৰ মুৰব্বী ফুলেশ্বৰী দাসৰ ১২ জনীয়া পৰিয়ালটোক যোৱা ৮ মাহে ধৰি এঘৰীয়া কৰি ৰখাৰ অভিযোগ কৰিছে ভুক্তভুগী পৰিয়ালটোৱে। স্বামী তথা পিতৃৰ বছৰেকীয়া শ্ৰাদ্ধৰ বাবে সকলো যোগাৰ কৰাৰ পিছতো উপস্থিত নহলহি ভকত।ফুলেশ্বৰী দাসৰ ঘৰত ধান কাটিবলৈ যোৱাৰ বাবে ১০টকাৰ জৰিমনা ভৰিব লগা হ’ল দাৱনীয়ে। সচেতন সমাজত প্ৰশ্নৰ হৈছে যে কিয় ধান কাটিবলৈ যোৱাৰ দাৱনীয়ে সমাজৰ ওচৰত
প্ৰায়শ্চিত্ত হব লগীয়া হ’ল ? এই সন্দৰ্ভত কিছু দিনৰ আগতে ভুক্তভুগী পৰিয়ালটোৱে উপায়হীন হৈ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত আৰু আৰক্ষীক লিখিত অভিযোগ দিছিল। কিন্তু কোনো ধৰণৰ সু-ফল নাপালে পৰিয়ালটোৱে। বৰং লেপেটকতা আৰক্ষী চকীৰ এজন আৰক্ষী বিষয়াই ফোনযোগেৰে বিভিন্ন ধৰণৰ অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ অভিযোগ দিছে ভুক্তভুগী পৰিয়ালটোৱে। স্থানীয় গাঁওৰক্ষী বাহিনী আৰু দিহিং থান গাঁওৰ গাঁও বুঢ়া গৰাকীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ সহায় নকৰাত উপায়হীন হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।