চানমাৰি ছাত্ৰ সন্থাৰ চানমাৰি অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ

92

ষ্টাফৰিপোৰ্টাৰ, ৯ এপ্ৰিল : চানমাৰি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সীমান্ত ঠাকুৰীয়া, তপন কলিতা, চানমাৰি ছাত্ৰ সন্থাৰ উপদেষ্টা হিমাংশু বৰ্মন,মুখ্য সাংগঠনিক সম্পাদক নয়ন বৰ্মন, বিত্ত সম্পাদক দ্বীপজ্যোতি বৰুৱা, সদস্য ৰূপম তালুকদাৰ ৰ নেতৃত্বত , লগতে কেবা গৰাকী আছুৰ সদস্য আৰু চানমাৰি অঞ্চলৰ ব্যক্তিগত ভাবে সহায় কৰা ব্যক্তিসকলৰ সহায়ত চানমাৰি ৰ বিভিন্ন অঞ্চলত সোমবাৰে চাউল, ডাইল, পিয়াজ,গাখীৰ,তেল,বিস্কুট, চাবোন,নিমখ ইত্যাদি প্ৰায় কেইবা শ পৰিয়ালক সামগ্ৰী বিতৰণ কৰা হয়। সমগ্ৰ দেশত কৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে লকডাউন ঘোষণা কৰাৰ পাছত সকলো ৰাইজ নিজৰ ঘৰৰ ভিতৰত আবদ্ধ। এই সময়ত দিন হাজিৰা কৰা লোক সকল সমস্যাৰ সম্মুখীন হৈ পৰিছে। এনে সময়তে চানমাৰি ছাত্ৰ সন্থাৰ তৰফৰ পৰা চানমাৰিৰ বিভিন্ন অঞ্চলত বসবাস কৰা লোকসকলক ঘৰৰ ভিতৰত সোমাই থাকি লকডাউন মানিবলৈ লগতে সজাক সাৱধনতা, অৱলম্বন, চাফচিকণ হৈ থাকিবলৈ জনসাধাৰণক অনুৰোধ কৰিছোঁ। কোনোবাই সহায় কৰিব বিচাৰিলে চানমাৰি ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত অথবা ৭৫৭৮৮৬৪৪৮৯ নম্বৰত
যোগাযোগ কৰিবলৈ এক বিবৃতি যোগে আহ্বান জনাইছে।