ষ্টাফৰিপোৰ্টাৰ, ২০ মে’:
কৰ’না ভাইৰাছে বিশ্বত বিভীষিকাময় পৰিবেশ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ লগতে অসমতো প্ৰযোজ্য হৈ আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন ৷ ইয়াৰ বাবে এচাম শ্ৰমজীৱী মনুহক আৰ্থিক দিশত জুৰুলা কৰিছে ৷ যাৰ বাবে খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এই সকল ব্যক্তি ৷ ইয়াৰ বাবে সামন্য সহায় কৰিবলৈ আগবাঢ়ি আহিছে সমাজকৰ্মী তথা গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন এৰিয়া সভাৰ সদস্য দিলিপ বড়োৱে ৷ বুধবাৰে মহানগৰীৰ চানমাৰিস্থিত পুৱেৰুন নতুন নগৰ আৰু চানমাৰি কলনি অঞ্চলত প্ৰায় শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ উল্লেখ্য খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত নৱ বিকাশ সংঘৰ সদস্য ক্ৰমে চন্দন থাপা, বিকাশ শৰ্মা, দীপু দাস, প্ৰনৱ দাসে সহযোগিতা আগবঢ়ায়৷ সমজাকর্মী গৰাকীৰ এনেকুৱা পদক্ষেপক অঞ্চলবাসীয়ে প্ৰশসংনীয় বুলি উল্লেখ কৰে ৷