চানমাৰি অমিয় নগৰত ভুমিস্খলন

86

ষ্টাফৰিপৰ্টাৰ, চলিত বৰ্ষত গুৱাহাটী মহানগৰীত অভাবনীয় ভাবে বৃদ্ধি পাইছে ভুমিস্খলনৰ ঘটনা ৷ ইতিমধ্যে মহানগৰীৰ কেইবাটাও স্হানত সংঘটিত হোৱা ভুমিস্খলনে ৪ গৰাকী ব্যক্তিৰ প্ৰান কাঢ়ি নিয়ে ৷ ইয়াৰ সমান্তৰালভাৱে চানমাৰি অঞ্চলৰ অমিয় নগৰৰ কেইবাটাও স্হানত পাহৰৰ মাটি খহি অহা দেখা গৈছে ৷ অতি দৰিদ্ৰ পৰিয়াল কেইটাই নিজৰ আপোন ঘৰখন ৰক্ষা কৰিবলৈ এখনি তিৰ্পাল যোগাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰ বাবেই স্হানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যক মাটি খহাৰ পৰা পৰিত্ৰাণ পাবলৈ কেইখনমান তিৰ্পাল যোগান ধৰিবলৈ ভুক্তভোগী ৰাইজে অনুৰোধ জনায় ৷ সেই মৰ্মেই বিধায়ক গৰাকীৰ ততপৰতাত মঙলবাৰে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ তৰফৰ তিৰ্পাল বিতৰন কৰা হয় ৷যিবোৰ অঞ্চলত কিছু পৰিমাণে মাটি খহিছে সেই অঞ্চল সমুহৰ বাসিন্দা সকলৰ মাজত গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ ক্ষেত্ৰ বিষয়া সিমান্ত সোনোৱালে অমিয়নগত তিৰ্পাল বিতৰন কৰে ৷ ভুক্তভোগী ৰাইজৰ নৰেন কলিতা , কল্পনা জেনা , অন্জনা শৰ্মা, পুতুলী তালুকদাৰ লগতে কেইবাটাও পৰিয়ালৰ মাজত তিৰ্পাল বিতৰন কৰা দেখা গৈছে ৷ উল্লেখ্য যে তিৰ্পাল বিতৰন কৰা অনুষ্ঠানত স্হানীয় কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।