উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বৃহস্পতিবাৰে (১৪ ছেপ্টেম্বৰ) নিশা এজন পিতৃ, কন্যা আৰু জোঁৱাইক গুলীয়াই হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ। খবৰ অনুসৰি, ইয়াৰ ফলত গাঁওবাসীয়ে ক্ষুব্ধ হৈ পৰে আৰু তাৰ পিছত গাঁওখনৰ কেইবাটাও ঘৰত জুই লগাই দিয়ে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সন্দিপন ঘাট থানা এলেকাৰ অন্তৰ্গত কৌশম্বি জিলাৰ মহিউদ্দিনপুৰ গাঁৱত একেটা পৰিয়ালৰ তিনিজন সদস্যক হত্যা কৰাৰ আঁৰত সংঘাতৰ কাৰণ আৰু উদ্দেশ্য বুলি কোৱা হৈছে। অৱশ্যে এই গোচৰত কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই এতিয়ালৈকে।
হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে ক্ষুব্ধ গাঁওবাসীয়ে গোট খাই নিহতসকলৰ মৃতদেহ দেখি কেইবাটাও ঘৰত জুই লগাই দিয়ে। ঘটনাস্থলীত থকা আৰক্ষীৰ সংখ্যা বেছি। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত আৰক্ষী জোৱান নিয়োগ কৰা হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।
কৌশাম্বীৰ আৰক্ষী অধীক্ষক বৃজেশ শ্ৰীবাস্তৱৰ উদ্ধৃতিৰে সংবাদ সংস্থা এ এন আইয়ে কয় যে, “অভিযুক্ত হিচাপে চাৰিজন লোকৰ নাম ওলাইছে। তেওঁলোক পলাতক। আমি তেওঁলোকৰ সন্ধানত আছো। আমি সকলো তথ্য সংগ্ৰহ কৰি আছো।”