চাঞ্চল্যকৰ! গছ কটাক হোৱা বিবাদৰ পিছতে ২২ বছৰীয়া যুৱকক গুলীয়াই হত্যা সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতাৰ

362

ঠিক যেন চিনেমাৰ কাহিনী! প্ৰকৃত নায়ক, প্ৰকৃত খলনায়ক! এজোপা গছক লৈ হোৱা বিবাদৰ বাবেই সৰু পৰ্দাৰ এজন অভিনেতাই গুলীয়াই হত্যা কৰিলে মাটিৰ মালিকৰ ২২ বছৰীয়া পুত্ৰক। তেওঁলোকৰ গুলীত কমেও ৩ জন লোক আহত হয়। এই ঘটনাই উত্তৰ প্ৰদেশৰ উদ্যোগিক এলেকাত আলোড়নৰ সৃষ্টি কৰিছে।

অভিযুক্ত ভূপিন্দৰ সিং, টেলিভিছন পৰ্দাৰ জনপ্ৰিয় মুখ। ‘য়েহ প্যাৰ না হোগা কম’, ‘মধুবালা’ আদি জনপ্ৰিয় হিন্দী ধাৰাবাহিকত অভিনয় কৰিছে তেওঁ। বৰ্তমান তেওঁ উত্তৰ প্ৰদেশৰ ব্যৱসায়ত এটা ফাৰ্ম খুলিছে। তেওঁৰ ফাৰ্মৰ কাষতে কৃষিভূমি। আৰু দুয়োৰে মাজত কিছুমান ইউকেলিপ্টাছ গছ আছে। ভূপিন্দৰে ফাৰ্মখন বেৰ দিবলৈ গছ কাটিব বিচাৰিছিল। কৃষিভূমিৰ মালিকে গছ কটা বন্ধ কৰি দিলে। যাৰ ফলত দুয়োৰে মাজত অশান্তিৰ সৃষ্টি হয়। যিটো পৰৱৰ্তী সময়ত তুংগত উঠে। ইয়াৰ পিছতে মাটিৰ মালিক গুৰদ্বীপ সিঙক ভূপিন্দৰ আৰু তেওঁৰ বন্ধু-বান্ধৱীয়ে আক্ৰমণ কৰে।

অভিযোগ অনুসৰি মাটিৰ মালিকৰ পৰিয়ালৰ লোকক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। হঠাৎ ভূপিন্দৰে অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰৰ পৰা গুলী চলাবলৈ আৰম্ভ কৰে। তাৰ মাজতে গুৰদীপ সিঙৰ পুত্ৰ গোবিন্দই প্ৰাণ হেৰুৱায়। তেওঁৰ পত্নী আৰু পুত্ৰ গুৰুতৰভাৱে আহত হয়। তেওঁকে ধৰি মুঠ ৩জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ভূপিন্দৰ সিঙক হত্যা আৰু হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে আগ্নেয়াস্ত্ৰ আইনৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে। ভূপিন্দৰৰ তিনি সহযোগীকো গ্ৰেপ্তাৰ কৰা হৈছে।