শুকুৰবাৰে পুৱা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ডুবাগ্গাৰ বেগাৰিয়া অঞ্চলত অৱস্থিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা সাংসদ কৌশল কিশোৰৰ এটা বাসগৃহত এজন যুৱকক গুলীয়াই হত্যা কৰা হয়। যুৱকজনৰ মূৰত গুলী লাগিছিল। পুৱা প্ৰায় ৪ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে, আৰু নিহত লোকজন বিজেপি কৰ্মী বিনয় শ্ৰীবাস্তৱ বুলি চিনাক্ত কৰা হৈছে।
খবৰ অনুসৰি গুলীচালনাৰ বাবে ব্যৱহাৰ কৰা পিষ্টলটো সাংসদ কৌশল কিশোৰৰ পুত্ৰ বিকাশ কিশোৰৰ। অৱশ্যে এই ঘটনা সংঘটিত হোৱাৰ সময়ত সাংসদগৰাকীৰ পুত্ৰ দিল্লীত আছিল। খোদ কৌশল কিশোৰে আৰক্ষীক ফোন কৰি ঘটনা সন্দৰ্ভত অৱগত কৰে বুলি বাতৰি প্ৰকাশ পাইছে। আত্মীয়ই এই হত্যাকাণ্ডৰ বাবে ৬ জন লোকক দায়ী বুলি অভিযোগ উত্থাপন কৰিছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে আৰু এই গোচৰৰ সৈতে জড়িত এই পৰ্যন্ত তিনিজন লোকক আটক কৰি ৰাখিছে। আন অভিযুক্তক জেৰা অব্যাহত আছে।
নিজৰ বাসগৃহত এজন ব্যক্তিক গুলীয়াই হত্যা কৰা সন্দৰ্ভত বিজেপিৰ সাংসদ কৌশল কিশোৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয়, “আৰক্ষীয়ে উদ্ধাৰ কৰা পিষ্টলটো মোৰ পুত্ৰ বিকাশ কিশোৰৰ। আৰক্ষীয়ে পুংখানুপুংখ তদন্ত চলাই আছে। দোষীক ৰেহাই দিয়া নহ’ব।” এই ঘটনা সংঘটিত হোৱাৰ সময়ত বিকাশ কিশোৰ বাসগৃহত নাছিল। ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁৰ বন্ধু-বান্ধৱী আৰু তাত উপস্থিত থকা লোকসকলক আৰক্ষীয়ে আটক কৰি ৰাখে। মৃতকৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে।
মৃতকৰ ভাতৃ বিকাশ শ্ৰীবাস্তৱে ঘৰত থকা তিনিজন লোকে তেওঁৰ ভাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে মৃতকৰ চাৰ্টৰ ভঙা বুটাম আৰু মৃতদেহ যি অৱস্থাত পোৱা গৈছে সেই অৱস্থাৰ পৰাই কোনো ধৰণৰ কাজিয়া হোৱা বুলি আঙুলিয়াই দিয়ে। “কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰৰ বাসগৃহত মোৰ ভাই বিনয় শ্ৰীবাস্তৱক হত্যা কৰা হৈছে। মোৰ ভাই তেওঁৰ পুত্ৰ বিকাশ কিশোৰৰ বন্ধু আছিল। ঘটনা সংঘটিত হোৱাৰ সময়ত তাত তিনিজন লোক উপস্থিত আছিল যদিও বিকাশ কিশোৰ ক’ত আছিল তাৰ কোনো ধাৰণা নাই। তেওঁৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো সেই স্থানৰ পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰে।’
