চাঞ্চল্যকৰঃ বদমাচী নকৰিবলৈ কোৱাৰ বাবেই শিক্ষয়িত্ৰীৰ ওপৰত গুলীচালনা ৬ বছৰীয়া ছাত্ৰৰ…

214

ভাৰ্জিনিয়াত চাঞ্চল্যকৰ কাণ্ড।

শ্ৰেণীকোঠাত বদমাচী নকৰিবলৈ কোৱাৰ বাবেই শিক্ষয়িত্ৰীৰ ওপৰত গুলীচালনা এখন ৬ বছৰীয়া ছাত্ৰৰ।

পিতৃৰ পিষ্টলেৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীক গুলীচালনা ছাত্ৰজনৰ।

গুলীচালনাত আহত হৈছে শিক্ষয়িত্ৰীগৰাকী।

ইফালে এই ঘটনাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ শিক্ষয়িত্ৰীগৰাকীৰ।

নিৰাপত্তাত গাফিলতি কৰাৰ উত্থাপন হৈছে অভিযোগ।

ছাত্ৰজনৰ হাতত পিষ্টল থাকিব পাৰে বুলি পূৰ্বে কেইবাবাৰো সকীয়াই দিয়াৰ পিছতো বিদ্যালয় প্ৰশাসনে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা।