চাকৰি দিয়াৰ অজুহাতত ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰ মন্ত্ৰণালয়ৰ পিয়নসহ ৩ জনক।
অভিযোগ অনুসৰি, এই অভিযুক্ত কেইজনে ১২ জন লোকৰ পৰা চাকৰি দিয়াৰ নামত সৰকাইছিল ৭৩ লাখ টকা।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই আনকি মন্ত্ৰালয়ত ভুৱা সাক্ষাৎকাৰ লৈ আকাংক্ষীসকলক নিয়োগৰ পূৰ্বে পৰীক্ষাৰ বাবে জে জে হাস্পতাললৈ প্ৰেৰণ কৰে।
আনহাতে এই অভিযুক্ত কেইজনে ভুৱা নিযুক্তি পত্ৰও প্ৰদান কৰিছিল।