চাইকেলেৰে খুন্দিওৱাৰ বাবেই মৰাণত সংঘটিত হল নৃশংস হত্যাকাণ্ড

76

মৰাণৰ ১ নং কাছমাৰীত সংঘটিত নৃশংস হত্যাকাণ্ডৰ ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। চাইকেলেৰে খুন্দা খুন্দি লগাৰ বাবেই তিনি দুৰ্বৃত্তই চুৰীৰে হানি খুচি হত্যা কৰে শ্যাম ওৰাং নামৰ এজন ২২ বৰ্ষীয় যুৱকক।

আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী বিনোদ ভূঞা,দেব ভূঞা আৰু সঞ্জয় ভূঞাক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। হত্যাকাণ্ডত ব্যৱহৃত চুৰীখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মৰাণ আৰক্ষীয়ে। হত্যাকাণ্ডক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত।