চাংসাৰিত ১ কিলো ৮০০ গ্ৰাম হেৰ’ইন জব্দ৷ জব্দকৃত হেৰ’ইনখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১৫ কোটি টকা৷ STFৰ অভিযানত গাড়ীগাঁৱৰ চুনু আলী, জালুকবাৰীৰ অৰ্জুন বাছফৰক আটক৷ মণিপুৰৰ পৰা এখন টাটা ডি আই বাহনেৰে সৰবৰাহ কৰিছিল হেৰ’ইনখিনি৷ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ ২ জাঁই গুলীচালনা কৰে আৰক্ষীয়ে৷ STFৰ DIG পাৰ্থ সাৰথি মহন্তৰ নিৰীক্ষণত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল অভিযান৷
