ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসমৰ প্ৰথম মহিলা মিউজিকেল বেণ্ড “সুৰ সমলয়”ৰ সৌজন্যত “এই ধুনীয়া গধূলি লগন” শীৰ্ষক এক আকৰ্ষনীয় সাংস্কৃতিক অনুষ্ঠান মঙলবাৰে সন্ধ্যা নগাঁৱত অনুষ্ঠিত হয়। নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত এক অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্টা অভিনেত্ৰী মলয়া গোস্বামী, বিশিষ্টা কন্ঠশিল্পী দূৰ্গাময়ী বৰা, নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে।
এই অনুষ্ঠানতে “সুৰ সমলয়”ৰ শিল্পীসকলৰ সংগ্ৰামৰ বিষয়ে চলচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা, দেশ বিদেশত সমাদৃত হোৱা তথ্যচিত্ৰ “ব্ৰেকিং দ্যা চাইলেঞ্চ” প্ৰদৰ্শন কৰাৰ লগতে চলচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাক সুৰ সমলয়ৰ “জোনাকী বাট” বঁটা প্ৰদান কৰা হয়।
অনুষ্ঠানত গৌৰৱ কুমাৰ হাজৰিকাৰ পৰিচালনাত “সূত্ৰধাৰ”ৰ শিল্পীসকলে পৰিবেশন কৰা নৃত্যানুষ্ঠান “জোনাকী বাটেৰে” শীৰ্ষক অনুষ্ঠানে দৰ্শকক মোহাচন্ন কৰি ৰাখে। লগতে আকাশবাণী নগাঁও কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালিকা পল্লৱী কলিতাৰ ভায়’লিন আৰু অঞ্জলী মহন্তৰ মেণ্ডোলিনৰ যুগলবন্দীয়ে সকলোকে আপ্লুত কৰি তোলে।
