মাহৰ চতুৰ্থটো শনিবাৰ আৰু দেওবাৰ অৰ্থাৎ ২৬ আৰু ২৭ মাৰ্চতো খোলা থাকিব জিলা পৰিবহণ কাৰ্যালয়সমূহ। বৃহৎ সংখ্যক অমীমাংসিত গোচৰ নিষ্পত্তি কৰা আৰু বকেয়া আৰু নিয়মীয়া কৰ সংগ্ৰহৰ প্ৰচেষ্টাত এই সিদ্ধান্ত লোৱা হৈছে।
অসম চৰকাৰৰ যুটীয়া সচিব এইছ নুৰানীয়ে জাৰি কৰা এক নিৰ্দেশত জনসেৱাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে বুলি কোৱা হৈছে।
ড্ৰাইভিং লাইচেঞ্চ, ফিটনেছ চাৰ্টিফিকেট আদিৰ দৰে অধিসূচিত সেৱাৰ বৃহৎ সংখ্যক অমীমাংসিত গোচৰ নিষ্পত্তি কৰাৰ বাবে আৰু চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ আগতে সময়মতে প্ৰযোজ্য বকেয়া আৰু নিয়মীয়া কৰ সংগ্ৰহৰ বাবে ডিটিঅ’ ২৬ আৰু ২৭ মাৰ্চ ২০২২ তাৰিখে খোলা থাকিব বুলি জাননী খনত উল্লেখ কৰা হৈছে।
