ঘৰতে ঈদৰ নামাজ চাৰি জনক মিলি নামাজ পঢ়িবলৈ আহ্বান এ আই ইউ ডি এফৰ

67

ষ্টাফৰিপোৰ্টাৰ, ২০ মে’ : লকডাউনৰ কাৰণে পবিত্ৰ ঈদৰ নামাজ সমুহীয়াকৈ ঈদগাহ বা মছজিদ পঢ়াৰ পৰা বিৰত থাকিবলৈঢ়।আৰু ঘৰতে ঈদৰ নামাজ চাৰি জনক মিলি নামাজ পঢ়িবলৈ আহ্বান জনাইছে – এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক বিবৃতিত সাংসদ আজমলে কয় “লকডাউনৰ বাবে আৰু চৰকাৰী নীতি নিয়ম মানি আমি এইবাৰ পবিত্ৰ ঈদ ঘৰতেই নিজে নিজে চাৰিজনে মিলি ঈদৰ নামাজ আদায় কৰিব পৰা যাব বুলি ব্যক্ত কৰি নিজৰ জামাতৰ ইমাম সকলৰ পৰামৰ্শ লবলৈ আৰু বাহিৰলৈ নগৈ ঘৰতেই নামাজ পঢ়িবলৈ আৰু নামাজৰ শেষত এই মাহামাৰীৰ পৰা যাতে বিশ্ববাসী মুক্ত হয় তাৰ বাবে সকলোকে দোৱা কৰিবলৈ বিবৃতিটোত সকলো ইছলাম ধৰ্মাৱলম্বী সকললৈ আহ্বান জনায় ৷’