মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছে, সিমানেই চৰকাৰী কাৰ্যালয়ত বৃদ্ধি পাইছে দুৰ্নীতিৰ সংখ্যা।
শেহতীয়াকৈ এইবাৰ ঘোচ লৈ হাতে লোতে ধৰা পৰিল জনতা ভৱনৰ এগৰাকী মহিলা কৰ্মচাৰী।
জনতা ভৱনৰ বড়োলেণ্ড কল্যাণ বিভাগৰ ছিনিয়ৰ এছিচটেণ্ট গৰাকীয়ে এজন ব্যক্তিৰ পৰা ৪০০০ টকা উৎকোচ লোৱাৰ সময়তে হাতে লোতে ধৰা পৰে।
অভিযুক্ত জ্যেষ্ঠ সহায়কগৰাকী হৈছে সীমা দেৱী। তেওঁক Vigilance and Anti Corruptionয়ে আটক কৰে ৷
ইফালে মহিলা কৰ্মচাৰী গৰাকীৰ বেগৰ পৰা অতিৰিক্তভাৱে ৯৯ হাজাৰ টকা উদ্ধাৰ হোৱা বুলিও অসম আৰক্ষীয়ে সদৰী কৰিছে।
সীমা দেৱীক জনতা ভৱনৰ ডি ব্লকৰ তৃতীয় মহলাৰ পৰা আটক কৰা হৈছে। কৰ্মচাৰীগৰাকীয়ে উৎকোচ হিচাপে বিচাৰিছিল ১০ হাজাৰ টকা।
