ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

118

বুধবাৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয় কমপ্লেক্সৰ উপ-পঞ্জীয়ক কাৰ্যালয়ত থকা ডিলিং এচিষ্টেণ্টক দাবী কৰা উৎকোচ গ্ৰহণ কৰাৰ সময়তে অসমৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আটক কৰে।

ধৃত অভিযুক্তজনৰ নাম তপন সাহা।

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) জিপি সিঙৰ মতে, অসম আৰক্ষীৰ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন শাখাই ভূমি পঞ্জীয়ন প্ৰক্ৰিয়াকৰণৰ বাবে দাবী কৰা ধন লোৱাৰ সময়ত ডিলিং এচিষ্টেণ্ট গৰাকীক হাতে-লোটে আটক কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে অসম আৰক্ষীৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী শাখাই মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ হাতীমৰীয়া এম ভি স্কুলৰ এগৰাকী প্ৰধান শিক্ষক দিদাৰুল ইছলামক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।