ঘোচ লৈ গ্ৰেপ্তাৰ চিলনীবাৰী আউট পোষ্টৰ ASI ডম্বৰুধৰ দত্ত…

323

উৎকোচ লৈ পুনৰ জালত পৰিল আন এগৰাকী আৰক্ষী বিষয়া।

উৎকোচ গ্ৰহণৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ অসম আৰক্ষীৰ এগৰাকী সহকাৰী উপ পৰিদৰ্শক।

এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত উত্তৰ লখিমপুৰ জিলাৰ অন্তৰ্গত চিলনীবাৰী আউট পোষ্টৰ এএছআই ডম্বৰুধৰ দত্ত।

অপৰাধমূলক গোচৰৰ পৰা সকাহ দিয়াৰ বাবদ এটা পৰিয়ালৰ পৰা ধন বিচাৰিছিল এএছআই ডম্বৰুধৰ দত্তই।

পৰিয়ালটোৰ পৰা সেই ধন গ্ৰহণ কৰাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াগৰাকীক।

এএছআই ডম্বৰুধৰ দত্তৰ গ্ৰেপ্তাৰৰ বিষয়ে টুইটযোগে জানিবলৈ দিছে বিশেষ আৰক্ষীৰ সঞ্চালকপ্ৰধান জিপি সিঙে।