ষ্টাফ ৰিপোৰ্টাৰ : ঘূৰ্ণীবতাহ আমফানে (Super Cyclone Amphan) কিছু সময়ৰ পিছতে পশ্চিম বংগক জোকাৰিব। ইতিমধ্যে ৰাজ্যখনৰ ঠায়ে ঠায়ে তীব্ৰ ধুমুহা অহা আৰম্ভ হৈছে। একেদৰে পুৱাৰে পৰা ওড়িশাত প্ৰচণ্ড গতিৰে বতাহ বলি আছে। উল্লেখযোগ্য যে, ওড়িশাত অব্যাহত মূষলধাৰ বৰষুণৰ ক্ষেত্ৰতো আমফানৰ প্ৰভাৱ দেখা গৈছে। পূৰ্বতকৈ আমফানৰ গতি যথেষ্ট হ্ৰাস পাইছে যদিও সংকট এতিয়াও দূৰ হোৱা নাই।
ওড়িশাত ১৯৯৯চনত অহা চুপাৰ চাইক্লনৰ সৈতে আমফানৰ তুলনা কৰা হৈছে। এই ধুমুহাত কমেও ১০হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল আৰু কমেও ৩০লাখৰো অধিক লোক প্ৰভাৱিত হৈছিল। দেশত মহা ঘূৰ্ণীবতাহ আমফান বৰ্তমান কি স্তৰত আৰু অন্যান্য প্ৰান্তৰ লগতে অসম তথা উত্তৰ পূৱত কি প্ৰভাৱ পেলাব জানো আহক।
ঘূৰ্ণীবতাহ আমফানৰ বৰ্তমান কি স্থিতি?
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) তৰফৰ পৰা জনোৱা হৈছে যে বৰষুণৰ কাৰণে এই ঘূৰ্ণীবতাহ যথেষ্ট নিশকতীয়া হৈ পৰিছে। আমফানৰ কেন্দ্ৰ আছিল পশ্চিম–মধ্য বংগোপসাগৰৰ ওপৰত। এয়া ওড়িশাৰ পৰা ২৫০কিলোমিটাৰ দক্ষিণে, দীঘাৰ পৰা ৫৪০কিলোমিটাৰ দক্ষিণ–পশ্চিম আৰু বাংলাদেশৰ খেপুপাৰাৰ পৰা ৭০০কিলোমিটাৰ দক্ষিণ–পশ্চিমত অৱস্থিত।
১৯৯৯চনৰ বংগোপসাগৰৰ চুপাৰ চাইক্লনৰ প্ৰসংগ আমফানৰ ক্ষেত্ৰত চৰ্চিত হৈছে। যোৱা শতিকাৰ অন্যতম বিধ্বংসকাৰী এই ঘূৰ্ণীবতাহৰ কাৰণে কমেও দুই লাখ জীৱ–জন্তুৰ মৃত্যু হোৱাৰ লগতে ৩০লাখ প্ৰভাৱিত হৈছিল। এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ ইমান বেছি সময়লৈ আছিল যে যথেষ্ট সময়লৈকে ইয়াত খেতি কৰাৰ যোগ্য ভূমিয়েই বাছি ৰোৱা নাছিল। খাৰুৱা পানীয়ে মাটি সম্পূৰ্ণ নষ্ট কৰি পেলাইছিল।ওড়িশা আৰু পশ্চিম বংগত বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ কাৰণে বিশেষ সতৰ্কবাণী প্ৰদান কৰিছে। ওড়িশাৰ উপকূলীয় বালাসোৰ, ভদ্ৰক, ময়ুৰগঞ্জ, জাজপুৰ, কেন্দ্ৰপাৰা আৰু ক্যায়’ঝৰগঞ্জ জিলাত মূষলধাৰ বৰষুণৰ পূৰ্বানুমান কৰা হৈছে। একেদৰে পশ্চিম বংগৰ উপকূলীয় মেদিনীপুৰ, দক্ষিণ আৰু উত্তৰ আৰু ২৪পৰগণাত মঙলবাৰৰ পৰাই পাতলীয়া বৰষুণৰ আশংকা কৰা হৈছিল। ইতিমধ্যে ঠায়ে ঠায়ে জোৰেৰে বতাহ বলা আৰু বৰষুণ অব্যাহত আছে।
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ২১মে’ত ছিকিমত মূষলধাৰ বৰষুণ হোৱাৰ আশংকা আছে। ছিকিমৰ আশে পাশেও বৰষুণ দিব। কাইলৈ অৰ্থাৎ ২১মে’ত অসম তথা মেঘালয়ত মূষলধাৰ বৰষুণ দিয়াৰ পূৰ্বানুমান কৰা হৈছে। ইতিমধ্যে কাছাৰ জিলাত প্ৰশাসনে আমফানক লৈ এলাৰ্ট জাৰি কৰিছে।
পশ্চিম বংগ আৰু ওড়িশাত প্ৰচুৰ ধ্বংসৰ পূৰ্বানুমান কৰা হৈছে। খেতিপথাৰ, বৈদ্যুতিক খুঁটা আদিৰ ক্ষতিসাধনৰ লগতে গছ উভালি পৰা, ঘৰ–বাৰী ধ্বংস হোৱা আৰু অসংখ্য লোক প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে।