গৰৈমাৰীত নাৰী সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

50

কামৰুপ জিলাৰ ছয়গাঁৱৰ গৰৈমাৰীত গা কৰি উঠা নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাতৰ দাবীত সোমবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ, শিক্ষাৰ্থীয়ে। প্ৰতিবাদকাৰীয়ে আৰক্ষী চকী আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত কৰাৰ দাবী জনায়।

উল্লেখ্য যে, গৰৈমাৰীৰ টুক্ৰাপাৰা গাঁৱৰ বৰহান আলীৰ কন্যা ছালমা খাতুন বিগত এমাহ পূৰ্বে নিজগৃহৰ পৰা সন্ধানহীন হৈছিল। কিন্তু যোৱা ২৫ ডিচেম্বৰত ছালমা খাতুনে ৰাজস্থানৰ পৰা ফোনযোগে টুক্ৰাপাৰা গাঁৱৰ জুমৰ আলীৰ পুত্ৰ ৰবিউল হুছেইন নামৰ লম্পট যুৱকজনে তেওঁক ৰাজস্থানত বিক্ৰী কৰা বুলি পৰিয়ালৰ লোকক জনায়৷ চক্ৰটোৱে ছালমা খাতুনৰ লগতে বৰপেটাৰ আজিৰন খাতুনকো বহিঃৰাজ্যত বিক্ৰী কৰাৰ বিষয়ে অৱগত কৰে৷

ছালমা খাতুনে পৰিয়ালক জানিবলৈ দিয়া মতে, গুৱাহাটীত ১১জনীয়া নাৰী ব্যৱসায়ী চক্ৰ এটাই অসমীয়া কিশোৰীক বহিঃৰাজ্যত বিক্ৰী কৰি আহিছে। আনহাতে যোৱা ১৭ ডিচেম্বৰত টুক্ৰাপাৰা গাঁৱৰ মফেজ খানৰ কন্যা ফৰিদা খাতুনো নিৰুদ্দেশ হয়৷ ফৰিদা খাতুনক লম্পট ৰবিউল হুছেইনে বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে৷