গৰুখুটিত এতিয়াও সন্ধানহীন কিশোৰীসহ ৪ জন

77

দৰং জিলাৰ ধলপুৰৰ গৰুখুটিত কালি প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সময়ত সংঘটিত সংঘৰ্ষৰ চেপা উত্তেজনা বৰ্তমানো অব্যাহত আছে। কালিৰ ঘটনাত দুজন প্ৰতিবাদকাৰী নিহত হোৱাৰ বিপৰীতে আৰক্ষীসহ প্ৰায় কুৰি জন লোক আহত হৈছে। তিনি আৰক্ষী সহ ইয়াৰে ১১ জনকৈ লোকক বৰ্তমান GMCH ত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে। ইফালে এজন মৃত ব্যক্তিৰ ওপৰত ভুকু, গোৰ আদিৰে দানৱীয়তাৰ প্ৰদশৰ্ন কৰা বিজয় বণিয়া নামৰ ফটোগ্ৰাফাৰ জনক নিশাই আৰক্ষীয়ে আটক কৰিছে।

আনহাতে কালিৰ এই ঘটনাৰ পিছতে গৰুখুটিৰ এগৰাকী ৭ বছৰীয়া কিশোৰী আৰু ৩ জন যুৱক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। লগতে অঞ্চলটোৰ লোকসকলৰ কষ্টপাৰ্জিত সম্পদ প্ৰশাসনৰ লোকে বে-আইনী ভাবে জুইত জাপি দিয়াৰো অভিযোগ উত্থাপন হৈছে।