গৰাখহনীয়াৰ কৱলত শ শ পৰিয়াল

248

বেকী নৈৰ প্ৰবল গৰাখহনীয়াত নিচিহ্ন হোৱাৰ পথত বাঘবৰ ৰাজহ চক্ৰৰ চানপুৰ, ৰচুলপুৰ আৰু সোণাপুৰ গাঁও।

এইবেলি বান আৰু খহনীয়াত গাঁও তিনিখনৰ পৰা অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী বেকী নৈৰ বুকুত সম্পূৰ্ণ জাহ যায়।

হাজি কৈফত আলী এম ই মাদ্ৰাছা, মছজিদ, দুটা প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বেকী নদীৰ গৰাখহনীয়াত কবলত পৰিবলৈ অলপহে বাকী আছে।

জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকে গৰাখহনীয়াপীড়িত লোকৰ কোনো খবৰ নোলোৱাৰ লগতে খহনীয়া নিয়ন্ত্ৰণৰ বাবে অকনো চেষ্টা নকৰাৰ বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰে।