প্ৰচণ্ড গৰমে সমগ্ৰ ৰাজ্য দহাৰ সময়তে ধৰলৈ শীতলতা নমাই গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাতল বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
আগন্তুক ৩ ঘন্টাত কামৰূপ মহানগৰ জিলাত বিজুলী ধুমুহাৰ সৈতে বজ্ৰপাত আৰু লঘু বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰা হৈছে।
ইয়াৰোপৰি নামনি অসম আৰু মধ্য অসমৰ জিলা সমূহতো ধুমুহা আৰু বৰষুণৰ আগজাননী জাৰি কৰা হৈছে।
