গড়াখহনীয়াক প্ৰাকৃতিক দুৰ্যোগ হিচাপে অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভূমিকাক ধন্যবাদ ৰাজ্যিক বিজেপিৰঃ বিপদৰ সময়ত মিছা তথ্যৰে ৰাইজক উচটনি দিয়া বন্ধ কৰক কংগ্ৰেছে

79

ষ্টাফৰিপৰ্টাৰ, হেঙেৰাবাৰীস্থিত বিজেপি দলৰ ৰাজ্যিক কাৰ্য্যালয়ত বৃহষ্পতিবাৰে ভাৰতীয় জনতা পাৰ্টি , অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে এখন গুৰুত্বপূৰ্ণ ”সংবাদমেল”সম্বোধন কৰি কয় ‘বানপানী, গড়াখহনীয়া, ক’ৰণা সকলোৱে আগুৰি সৃষ্টি কৰা এনে এক জটিল সময়ত চৰকাৰখনে ৰাইজক লৈ ৰাজনীতি কৰাৰ কথা কোৱাটোৱেই কংগ্ৰেছ দলৰ নিকৃষ্ট ৰাজনীতি ৷ যি সময়ত অসমৰ সৰ্বস্তৰৰ ৰাইজ বিপৰ্যস্ত হৈছে, এনেবোৰ সময়ত নিজৰ ন্যস্ত স্বাৰ্থ পূৰণৰ চিন্তা পৰিহাৰ কৰি অসমৰ প্ৰতিটো দল সংগঠন একলগ হৈ চৰকাৰক সহযোগ কৰি ৰাইজৰ কাষত থকাটোহে বেছি প্ৰয়োজনীয় ৷
যি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন মন্ত্ৰী সাংসদ বিধায়ক জন প্ৰতিনিধি কাৰ্যকৰ্তাই এবুকু পানীত নামিও বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াইছে, ৰাতিক দিন কৰি চৰকাৰ প্ৰশাসনে যিদৰে কাম কৰিছে তেনে সময়ত কেৱল মাথোঁ প্ৰচাৰ লাভৰ এক নাটকত ব্যস্ত হৈ কংগ্ৰেছ দলে বাৰে বাৰে কিছু ভুল তথ্যৰে ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰাহে দেখা গৈছে ৷ ইমান বছৰ শাসনত থকাৰ পাছতো গড়াখহনীয়াৰ দৰে জ্বলন্ত সমস্যাবোৰ সমাধানৰ কোনো চেষ্টা নকৰা কংগ্ৰেছ দলে এতিয়া ঘঁৰিয়ালৰ চকুপানী টুকি ৰাইজক দেখুৱাৰ বাহিৰে আন একো কৰা নাই। বছৰি প্ৰায়বহৎপৰিমানৰ মাটি গড়াখহনীয়াত নদীৰ বুকুত জাহ যায় ৷এনে এটি জ্বলন্ত সমস্যা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে পোন প্ৰথম বাৰৰ বাবে প্ৰাকৃতিক দুৰ্যোগ হিচাপে চিহ্নিত হৈছে ৷ স্বাধীনতাৰ পাছত অধিক বছৰ শাসনত থকা কংগ্ৰেছ দলে আজি অসমৰ বান সন্দৰ্ভত প্ৰশ্ন কৰাৰ কোনো নৈতিক অধিকাৰ নাই বুলি উল্লেখ কৰি মুখপাত্ৰ গৰাকীয়ে কয় ‘দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নীতি আয়োগৰ উপাধ্যক্ষক সভাপতি হিচাপে লৈ North East water Management Authority গঠনেৰে বান সমস্যাৰ স্থায়ী সমাধানৰ যি পদক্ষেপ লৈছে ই নিসন্দেহে আদৰণীয় ৷ কংগ্ৰেছ দলে ভুৱা তথ্যৰে অপপ্ৰচাৰ কৰাৰ প্ৰসংগত তেওঁ কয়, ‘দুৰ্যোগ ব্যৱস্থাপনা শিতানত কেন্দ্ৰই ইতিমধ্যেই প্ৰথম কিস্তিৰ ৩,৮৬ কোটি টকা মোকলাই দিছে আৰু প্ৰায় সহশ্ৰাধিক SDRF/NDRF ৰ জোৱানে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াই আছে। আৰু চৰকাৰেও এতিয়ালৈকে প্ৰায় ১.০৮ লাখ কুইণ্টল চাউল, ২১,০০০ কুইণ্টল দালি, ৭০০০ লিটাৰ মিঠাতেলৰ লগতে প্ৰয়োজনীয় সামগ্ৰী বানাক্ৰান্ত ৰাইজলৈ আগবঢ়াইছে ৷তেওঁ কংগ্ৰেছ সভাপতিজনৰ অভিযোগক নসাৎ কৰি কয় ‘বিগত সময়ত UPA ১ আৰু UP A ২ ৰ সময়ত অসমলৈ পৰ্যায়ক্ৰমে ১২০৯.১৮ কোটি আৰু ১২৩১ কোটি টকা দুৰ্যোগ ব্যৱস্থাপনা শিতানত মুকলি কৰি দিছিল ৷ কিন্তু ২০১৪ চনৰ পৰা বম২০১৯ চনলৈ NDA নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথম কাৰ্যকালত ২৩০২.৬২ কোটি টকা আৰু এই চৰকাৰখনৰ দ্বিতীয়টো কাৰ্যকালৰ এই ডেৰ বছৰৰ সময়ৰ ভিতৰতে অসমলৈ এতিয়ালৈকে এই শিতানত ৮৮৯.১ কোটি টকা মুকলি কৰি দিছে ৷ এই তথ্যৰ পৰাই অনুমেয় যে কোনখন চৰকাৰে অসমলৈ বেছি অৱদান আগবঢ়াইছে।
তিহাৰ জেল ফেৰৎ কংগ্ৰেছ সভাপতি গৰাকীয়ে ভুল তথ্যৰে চৰকাৰখনক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যক অত্যন্ত নিন্দনীয় আখ্যা দিয়াৰ লগতে বিজেপি মুখপাত্ৰ গৰাকীয়ে পৰৱৰ্তী সময়ত কংগ্ৰেছে যাতে মিথ্যাচাৰৰ আশ্ৰয় লৈ ৰাইজৰ আৱেগৰ লগত হেতালি নেখেলে সেই কথা কঠোৰ ভাৱে সকিয়াই দিয়ে ৷
উক্ত সংবাদ মেলত ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যিক সংবাদ সম্পৰ্ক বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত থাকে ৷