যোগগুৰু বাবা ৰামদেৱক গ্ৰেপ্তাৰৰ দাবীত টুইটাৰ ট্ৰেণ্ড আৰম্ভ হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ নামত দেশৰ নাগৰিকক প্রতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি হেষ্টটেগ ব্যৱহাৰ কৰি একাংশ লোকে বাবা ৰামদেৱক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধন, পথ-পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত যোৱা ১৯ ফেব্ৰুৱাৰীত বাবা ৰমাদেৱে ‘কৰোণীল’ নামৰ ক’ৰোনাৰ ঔষধ মুকলি কৰিছিল৷ মুকলি কৰাৰ সময়ত বাবা ৰামদেৱে দাবী কৰিছিল যে ক’ৰোনাৰ ঔষধ হিচাপে প্ৰস্তুত কৰা এই ঔষধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমতি লোৱা হৈছে তথা বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰমাণিত কৰা হৈছে৷
কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই তাৎক্ষনীক ভাৱে বাবা ৰামদেৱৰ এই দাবীক নস্যাৎ কৰি কোনো ধৰণৰ অনুমতি দিয়া নাই বুলি কয়৷ তাৰ পিছতে টুইটৰা গৰম হৈ পৰে৷ একাংশ লোকে মিছা কৈ দেশবাসীক প্ৰতাৰণা কৰাৰ অভিুযোগ উত্থাপন কৰে ৰামদেৱৰ বিৰুদ্ধে দিল্লী আৰক্ষীক এটা টুইট টেগ কৰি প্ৰাক্তন আইএএছ বিষয়া সূৰ্য প্ৰতাপ সিঙে বাবা ৰামদেৱক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰি কয় যে এনেদৰে ভুৱা আৰু প্ৰতাৰণা কৰাৰ বাবে দিল্লী আৰক্ষীয়ে বাবা ৰামদেৱক গ্ৰেপ্তাৰ কৰিব পাৰিব নে? এয়া আন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চনা৷ ইয়াৰ বিৰুদ্ধে তদন্ত হ’ব লাগে৷ বৰ্তমান বাবা ৰামদেৱক গ্ৰেপ্তাৰ ট্ৰেণ্ডিং ভাৰতত এক নম্বৰত আছে৷ নিশা ১১ বাজি ৩০ মিনিট পৰ্যন্ত এৰেষ্ট ৰামদেৱ হেষ্টটেগ ৭০ হাজাৰ লোকে ব্যৱহাৰ কৰিছে৷
