শিলচৰত অবৈধ ড্ৰাগছৰ বিশাল চালান জব্দ কৰাৰ পিছত তিনিওটা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামান পিছতে মঙলবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ পিছত অসম আৰক্ষীৰ গুলীত আহত হয় এটা ড্ৰাগছ মাফিয়া।
আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা ড্ৰাগছ মাফিয়াক চিকিত্সাৰ বাবে শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিতালত ভৰ্তি কৰোৱা হয়।
আৰক্ষীৰ এজন বিষয়াই কয়, “আমি তেওঁলোকক এনে এটা স্থানলৈ লৈ গৈছিলো যাতে আমি গুৰুত্বপূৰ্ণ তথ্যৰ ওচৰলৈ যাব পাৰো। স্থানত উপস্থিত হোৱাৰ পিছত মাফিয়াজনে আমাৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে যাৰ বাবে আমি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁৰ ভৰিত গুলীচালনাৰ আশ্ৰয় ল’বলগীয়া হৈছিল।”
আৰক্ষীৰ গুলীচালনাত আহত হোৱা ড্ৰাগছ মাফিয়াটো হৈছে মনোৱাৰ হুছেইন আৰু সম্প্ৰতি শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিতালত চিকিৎসা গ্ৰহণ কৰি আছে।’
উল্লেখযোগ্য যে নিশা শিলচৰত কাছাৰ আৰক্ষী আৰু বিশেষ টাস্ক ফ’ৰ্চৰ যৌথ অভিযানত আহত ড্ৰাগছ বেপাৰীজনক আন দুজন লোকৰ সৈতে গ্ৰেপ্তাৰ কৰা হয়।
এছটিএফৰ উপ-মহাপৰিদৰ্শক (ডিআইজি) পাৰ্থ সাৰথি মহন্তৰ তত্বাৱধানত যৌথ অভিযানৰ সময়ত মিজোৰামৰ পৰা শিলচৰ অভিমুখী এখন বাহনৰ পৰা ২.৫ কেজি হেৰ’ইন আৰু এক লাখ ইয়াবা টেবলেট জব্দ কৰা হয়।
জব্দ কৰাৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন বেপাৰীক। মনোৱাৰ হুছেইন, সদৰ উদ্দিন আৰু আফছাৰ আলম।
ইফালে অবৈধ ড্ৰাগছৰ বিশাল চালান জব্দ কৰাৰ ক্ষেত্ৰত এছটিএফ আৰু আৰক্ষীয়ে কৰা প্ৰচেষ্টাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশংসা কৰে।
