গ্ৰীণ ট্ৰী এডভাৰ্টাইজিঙৰ উদ্যোগত হাতীগাঁও আৰক্ষী থানাত ছেনিটাইজিং টানেল গে’ট স্থাপন

62

ষ্টাফ ৰিপোৰ্টাৰ: ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰা প্ৰয়াসৰ পৰিপ্ৰেক্ষিতত শনিবাৰে গুৱাহাটীৰ হাতীগাঁও আৰক্ষী থানাৰ মুখ্য প্ৰৱেশ দ্বাৰত এক ছেনিটাইজিং টানেল গে’ট স্থাপন কৰা হয়। হতীগাঁও আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক বীৰেণ চন্দ্ৰ ডেকাৰ উপস্থিতিত অসম আৰক্ষীৰ সহকাৰী আয়ুক্ত পুনম পেগুৱে উক্ত টানেল গে’ট মুকলি কৰে। ক’ৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। এই ক্ষেত্ৰত দেশ আৰু আইনক ৰক্ষা কৰিবলৈ অসম আৰক্ষীয়ে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হোৱা দেখা গৈছে। এনে ক্ষেত্ৰত তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰো সৃষ্টি হৈছে। এই টানেলসমূহে সেয়ে এনেদৰে কৰা হৈছে যাতে আৰক্ষীৰ সমীপলৈ অহা ব্যক্তিসকলকো এই ভাইৰাছবিধৰ পৰা ৰক্ষা কৰিব পাৰে। ইয়াত থকা উচ্চ চাপযুক্ত ন’জলে প্ৰতিজন সাক্ষাৎকাৰীৰ দেহত বীজাণু নাশক দ্ৰব্য বৰ্ষণ কৰে। কেৱল ১৫-২০ চেকেণ্ডৰ ভিতৰত এজন ব্যক্তি ছেনিটাইজ হ’ব পাৰে বুলি কোৱা হৈছে। ইয়াক পৰীক্ষণমূলক ভাৱেও ব্যৱহাৰ কৰা হৈছে। আৰক্ষী বিষয়া সকলে লকডাউনৰ পিছৰ পৰ্যায়ৰ পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলাই আছে আৰু আশা কৰিছে যাতে জনসাধাৰণে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ পিছলৈও সামাজিক ব্যৱধানৰ নীতি মানি চলিব।