গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেৰামাৰী বটেৰতলৰ পৰা বৰাইবাৰী যোৱা সংযোগী পথ নিৰ্মাণত বৃহৎ কেলেংকাৰী

152

গৌৰীপুৰ বিধানসভা সমষ্টিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেৰামাৰী বটেৰতলৰ পৰা বৰাইবাৰী লৈ যোৱা সংযোগী ৰাস্তা নিৰ্মাণৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষৰ অধীনত চৰাকাৰে SOPD (G) আঁচনিৰ অধীনত ৬২ লাখ ৮০ হেজাৰ ১১৪ টকা আৱন্টন দিছিল। যাৰ পৰিপ্ৰেক্ষিতত পথছোৱা নিৰ্মাণৰ ঠিকা লাভ কৰে গোৱালপাৰা জিলাৰ আমিন ইলিয়াছ নামৰ ঠিকাদাৰজনে
চৰকাৰী নিয়ম নীতিক বুঢ়া আঙুলি দেখুৱাই নিজ খিয়াল খুছি মতে কাম কৰি বৃহৎ আকাৰৰ ধন আত্মসাৎ কৰাৰ ফন্দি পাতিছে ঠিকাদাৰজনে ৷
চাওঁক এনেদৰে প্ৰতিবাদ সাৱস্ত কৰি উত্তাল কৰি তুলিছে ৰাইজে ৷ মৰা টিপকাই নৈৰ মাটি – বালি দি কোনো ৰোলাৰ নকৰি , পানী নিদিয়া কৈ আৰু দুই নম্বৰী ব্লকেৰে ৰাস্তা নিৰ্মাণ কৰাত ৰাইজে প্ৰতিবাদ সাৱস্ত কৰে ৷ ৰাস্তাৰ ওপৰত বিভিন্ন শ্লো’গানৰে পৰিবেশ উত্তপ্ত কৰি তোলে ৷
আজিৰ এই প্ৰতিবাদত নেতৃত্ব দিয়ে ধুবুৰী মহামান্য আদালতৰ অধিবক্তা তথা বৰাইবাৰী কান্দাপাৰা গাঁওৰ ছফিয়ৰ ৰহমানে ৷ বৃহত্তৰ বৰাইবাৰী , ঘ্যাগেৰ আলগা দক্ষিণ শালমৰাৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ চলাচল কৰাত যমৰ – যাতনাত ভুগি আছিল। ৰাস্তাটোৰ জৰাজীৰ্ণ ৰূপ দেখি সমষ্টি খনৰ বিধায়ক মিজানুৰ ৰহমানে এইখন ৰাস্তা নিৰ্মাণ কৰাৰ বাবে বিভাগীয় কৃৰ্তপক্ষক হেচাঁ প্ৰয়োগ কৰাত ৰাস্তাৰ কাম চৰকাৰে আৱন্টন দিছিল। কিন্তু ৰাস্তা খনত এচাম এ আই ইউ ডি এফৰ নেতা-কৰ্মীয়ে ঠিকাদাৰ জনৰ লগত হলিগলিত লিপ্ত হৈ ৰাস্তা নিৰ্মাণ কামত বিধিপথালি দিয়াৰো অভিযোগ উঠিছে। উক্ত পথছোৱাৰ তদন্ত বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে যদিও চৰকাৰ আৰু জিলা উপায়ুক্তই কি পদক্ষেপ লয় সেয়াই হব লক্ষণীয় বিষয়।