গৌৰীপুৰত দাউ দাউকৈ জ্বলিল এখন বাহন বাহন

352

মুষলধাৰ বৰষুণৰ মাজতে গৌৰীপুৰত দাউ দাউকৈ জ্বলিল এখন বাহন বাহন ৷

গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বলদমাৰাত সংগঠিত হৈছে এই ঘটনাটো।

উল্লেখযোগ্য যে বৃহস্পতি বাৰৰ শেষ নিশা দাউ দাউ জ্বলিল চাৰিচকীয়া বিলাসী বাহন খন।
নিমিষতে বাহন খন জ্বলি-পুৰি ভষ্মীভুত হয় বুলি জানিব পৰা গৈছে।

কি কাৰণত বাহন খন এনেদৰে জ্বলি উঠিলে সেয়া এতিয়ালৈকে ৰহস্যজনক ৷
এতিয়া জানিব পৰা হোৱা নাই ইয়াৰ প্ৰকৃত ৰহস্য ৷
দিনে নিশাই মষুলধাৰ বৰষুণ চলি থকা সময়তে কেনেদৰে জ্বলিল এই বিলাসী বাহন খন ?

তাক লৈ গৌৰীপুৰ আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷