গৌৰাং নৈত গা ধুবলৈ গৈ সন্ধানহীন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ

134

কোকৰাঝাৰ জিলাৰ চান্দামাৰীত গৌৰাং নৈত বন্ধুৰ সৈতে গা ধুবলৈ গৈ এগৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ সন্ধানহীন হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বুধবাৰে বিয়লি উৎকট গৰমৰ বাবে ৪ বন্ধুৰ সৈতে গৌৰাং নৈত গা ধুবলৈ গৈছিল অন্তৰীক্ষ শৰ্মা নামৰ বি বি ইঞ্জিনিয়াৰিং কলেজৰ দ্বিতীয় ষাণ্মাষিকৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ ১৯ বৰ্ষীয় ছাত্ৰজনে।

কিন্তু নৈত গা ধু থাকোতেই দ গৰাত পিছলি পৰি সন্ধানহীন হৈ পৰে ছাত্ৰজন। লগে লগে এক হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।

পৰৱৰ্তী সময়ত আন বন্ধু কেইজনে মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ দল উপস্থিত হৈ যুৱকজনৰ সন্ধানত অভিযান চলায়। অৱশ্যে এতিয়াও অন্তৰীক্ষৰ কোনো সম্ভেদ উলিয়াব পৰা নাই উদ্ধাৰকাৰী দলে।