গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লুইচিনহো ফালাৰিঅ’ক ৰাজ্যসভালৈ মনোনীত TMCৰ

66

গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লুইচিনহো ফালাৰিঅ’ক ৰাজ্যসভালৈ মনোনীত কৰিছে তৃণমূল কংগ্ৰেছে। কংগ্ৰেছ এৰি মমতা বাহিনীত যোগ দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীলৈ মমতা বেনাৰ্জীৰ এয়া উপহাৰস্বৰূপ হৈ পৰিছে।

তেওঁ ছেপ্টেম্বৰত কংগ্ৰেছ এৰি টিএমচিত যোগদান কৰিছিল। তেওঁ তেওঁৰ তিনিজন সহকৰ্মীৰ সৈতে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পিছত, ৪০ জনীয়া গোৱা বিধানসভাত মাত্ৰ চাৰিজন কংগ্ৰেছ বিধায়ক থাকি যায়।

পদত্যাগৰ সময়ত টিএমচিৰ প্ৰশংসা কৰি ফালাৰিঅ’ই কৈছিল যে মমতা বেনাৰ্জী হৈছে একমাত্ৰ নেতা যি কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিক প্ৰত্যাহ্বান জনোৱাত সক্ষম।