গোৱালপাৰাৰ লক্ষীপুৰত হাতীৰ গছকত এজনৰ মৃত্যু

72

গোৱালপাৰাৰ লক্ষীপুৰত হাতীৰ গছকত এজন লোকৰ মৃত্যু ঘটা ঘটনাই অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, শালবাগান অঞ্চলৰ লোপেন্দ্ৰ ৰাভা নামৰ লোকজনে শুকুৰবাৰে বিয়লি গৰু বিচাৰি যোৱাৰ পিছৰে পৰা ঘৰলৈ উভতি অহা নাছিল।

পৰিয়ালৰ লোকে ব্যক্তিজনৰ বিচাৰ-খোচাৰ চলাই থকাৰ সময়তে শনিবাৰে পুৱা শালবাগানত লোপেন্দ্ৰ ৰাভাৰ মৃতদেহ উদ্ধাৰ হয়।

মৃতদেহৰ অৱস্থালৈ চাই ব্যক্তিজনৰ মৃত্যু হাতীৰ গছকত হোৱা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।