গোৱালপাৰত জেহাদীৰ সন্দেহত গ্ৰেপ্তাৰ দুই ইমামক, ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

278

গুৱাহাটীঃ সন্ত্ৰাসবাদী সংগঠন আল-কায়দাৰ সৈতে জড়িত থকাৰ সন্দেহত শনিবাৰে গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুজন মছজিদৰ ইমাকক দেওবাৰে ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে জিলা আদালতে।

উল্লেখ্য যে, অসমত মাদ্ৰাছাত মৌলবাদীৰ সক্ৰিয়তা বৃদ্ধিক লৈ আৰক্ষী তৎপৰ হোৱাৰ সময়তে শনিবাৰে গোপন খবৰৰ ভিত্তিত গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল মছজিদৰ ইমাম দুজনক।

ধৃত জেহাদী দুজনক তিংকুনিয়া শান্তিপুৰ মছজিদৰ ইমাম আব্দুছ সুভান (৪৩) আৰু তিলাপাৰা নতুন মছজিদৰ ইমাম জালালুদ্দিন শ্বেখ (৪৯) বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে শনিবাৰে জনোৱা মতে, গোৱালপাৰা জিলাত গ্ৰেপ্তাৰ কৰা দুজন “ইমাম”ৰ সৈতে মৰিগাঁও জেহাদী মুফতি মুস্তাফা আৰু বৰপেটা জিলাত গ্ৰেপ্তাৰ হোৱা আন লোকৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এছ পি ৰেড্ডীয়ে কয়, ‘সোধা-পোছাৰ সময়ত আমি একিউআইএছ/আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ বৰপেটা আৰু মৰিগাঁও মডিউলৰ সৈতে তেওঁলোকৰ সক্ৰিয় সংযোগ বিচাৰি পাইছো। এতিয়া পলাতক বাংলাদেশী নাগৰিকক লজিষ্টিক সহায়ৰ লগতে আশ্ৰয় দিয়াৰ কামতো জড়িত আছিল। তেওঁলোকে একিউআইএছৰ সদস্য বুলি স্বীকাৰ কৰি আনছাৰ/স্লিপাৰ চেলছক নিযুক্তি দিয়ে।”

ইয়াৰ উপৰিও প্ৰকাশ পাইছে যে তেওঁলোকে ২০১৯ চনৰ ডিচেম্বৰ মাহত মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত সুন্দৰপুৰ টিলাপাৰা মাদ্ৰাছাত এখন ধৰ্ম সভাৰ আয়োজন কৰিছিল য’ত ভাৰতীয় উপমহাদেশৰ আল কায়দা (একিউআইএছ)ৰ সৈতে সম্পৰ্ক থকা বহু বাংলাদেশী নাগৰিকক অতিথি বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।

উক্ত অভিযুক্তসকলৰ বাসগৃহত আৰক্ষীয়ে তালাচী অভিযানৰ সময়ত একিউইছৰ সৈতে জড়িত বহুতো অভিযোগনামা, জেহাদী সাহিত্য, পোষ্টাৰ, কিতাপৰ লগতে অন্যান্য নথি-পত্ৰৰ লগতে মোবাইল ফোন, চিম কাৰ্ড, আইডি কাৰ্ডৰ লগতে জব্দ কৰে।