গোৱাত অমিত পালেকাৰ হব AAPৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী

68

পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীয়ে ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছতে এইবাৰ গোৱা বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আপ।

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে বুধবাৰে ঘোষণা কৰিলে গোৱা নিৰ্বাচনৰ দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম।

সেই অনুসৰি, অমিত পালেকাৰক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে থিয় কৰাই সমাগত গোৱা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আম আদমী পাৰ্টীয়ে। অৰবিন্দ কেজৰিৱালে জানিবলৈ দিয়া মতে, তেওঁলোকে এইবাৰ গোৱাত ৪০ খন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।