গোসাঁইগাওঁ হাৰফুটাত মহিলাৰ লোমহৰ্ষক হত্যাকাণ্ড

149

গোসাঁইগাওঁ হাৰফুটাত মহিলাৰ লোমহৰ্ষক হত্যাকাণ্ড ৷ শৌচালয়ৰ টেংকিত মৃতদেহ উদ্ধাৰক লৈ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে গোসাঁইগাওঁ মহকুমাৰ হাৰাফুটা গাৱঁৰ এগৰাকী মহিলাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে হাৰাফুটা গাৱঁৰ বছেৰ আলীৰ পত্নী মনোৱাৰা বিবি নামৰ মহিলা গৰাকীৰ মৃতদেহ শনিবাৰে বিয়লি প্ৰায় ৮ বজাত নিজ গৃহৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ হয় ৷ ইপিনে বাছেৰ আলীৰ ঘৰৰ ৰান্ধনী গৃহত তেজেৰ চেকুৰা প্ৰত্যক্ষ কৰি মহিলা গৰাকীক উক্ত স্থানতে হত্যা কৰি হত্যাকাৰীয়ে মৃতদেহটো শৌচালয়ৰ টেংকি পেলাই দিয়ে ৷ আনহাতে ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত ততাতৈয়াকৈ গোসাঁইগাওঁ আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷ ইয়াৰ উপৰি ঘটনাস্থলীত গোসাঁইগাওঁ মহকুমা আৰক্ষী বিষয়ানী নবনিতা শৰ্মা, গোসাইগাওঁ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি বাইলুং উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু হত্যাকাণ্ডৰ তথ্য প্ৰমান সমূহ তন্ন তন্ন কৈ পৰীক্ষা কৰে ৷ সম্প্ৰতি মৃতদেহটো শৌচালয়ৰ টেংকিৰ পৰা উদ্ধাৰ কৰি গোসাঁইগাওঁ আৰক্ষী থানালৈ লৈ আনা হয় ৷ তিনি সন্তানৰ মাতৃ মনোৱাৰা বিবি’ৰ হত্যাৰ অন্তৰালত পাৰিবাৰিক সংঘাট থকাৰ সন্ধেহ যদিও আৰক্ষীয়ে বাতৰি যুগতোৱালৈ কোনো কথা সদৰি কৰা নাই ৷ সম্প্ৰতি ঘটনাৰ অধিক তথ্যপ্ৰমানৰ বাবে মহিলা গৰাকীৰ স্বামী বছেৰ আলী আৰু তেওঁৰ ভাতৃ নসাদ সেখক সোধাপোছাৰ বাবে আটক কৰিছে বুলি জানিৱ পৰা গৈছে ৷